ফুলিব দুচকুত
আধৰুৱা এহেজাৰ সপোন
উৰিব পখী হৈ
আলসুৱা প্ৰণয় হৃদত
ভাল লগা বোৰ কিয় ৰঙ ছটিয়ায়
ভাল পোৱা বোৰে আহ
লাহে লাহে কাষলে আহি
ধীৰে ধীৰে মৰম দিলেহি
লাহে লাহে কাষলে আহি
ধীৰে ধীৰে মৰম দিলেহি
পাখি মেলি আশা বোৰে
হেঙুলীয়া গীত জোৰে
সাতু ৰঙী মনে
বিঙা মেলে
তুমি অহা ক্ষণ বোৰে
উতনুৱা কলিজাতে
কতেনো কবিতাত
লহৰ তুলে
সাবটি ধৰে অনুভূতিয়ে
সাবটি ধৰে অনুভূতিয়ে
বাৰে বাৰে
লাহে লাহে কাষলে আহি
ধীৰে ধীৰে মৰম দিলেহি
লাহে লাহে কাষলে আহি
ধীৰে ধীৰে মৰম দিলেহি
Discussion
Public comments for Ehejar Xapon are available on the discussion page.
View discussion