তুমি নোকোৱা কথা মোৰ হিয়াই বুজি পোৱা,
তুমি নোগোৱা গীত মই লিখা আধৰুৱা ।
দুয়োৰে হিয়াৰ দুটি মন মৰম আকলুৱা,
বুজা নুবুজাৰ মাজতে আমাৰে ভালপোৱা।
পলাশী ফাগুনে ৰিঙিয়াই অ
বহাগৰে বাতৰি বিলাই
দুটি মন পক্ষী উৰি যায় অ
যুৰীয়া সপোনকে ধিয়াই।
প্ৰণয়ৰে মৃদু মলয়াই অ
দুখনি হিয়া চুমি যায়।
লাজৰে ওৰণি আতৰাই অ
থাকা মোৰ বুকুতে সোমাই।
লাজুকী চকুৰে ভাষা মনে বুজি পায়,
সেউজী সপোনে জানা হিয়া নচুৱাই।
লাজুকী চকুৰে ভাষা মনে বুজি পায়,
সেউজী সপোনে জানা হিয়া নচুৱাই।
পলাশী ফাগুনে ৰিঙিয়াই অ
বহাগৰে বাতৰি বিলাই
দুটি মন পক্ষী উৰি যায় অ
যুৰীয়া সপোনকে ধিয়াই।
প্ৰণয়ৰে মৃদু মলয়াই অ
দুখনি হিয়া চুমি যায়।
লাজৰে ওৰণি আতৰাই অ
থাকা মোৰ বুকুতে সোমাই।
Discussion
Public comments for Mridu Moloya are available on the discussion page.
View discussion