মৃদু মলয়া Mridu Moloya

তুমি নোকোৱা কথা মোৰ হিয়াই বুজি পোৱা,
তুমি নোগোৱা গীত মই লিখা আধৰুৱা ।
দুয়োৰে হিয়াৰ দুটি মন মৰম আকলুৱা,
বুজা নুবুজাৰ মাজতে আমাৰে ভালপোৱা।

পলাশী ফাগুনে ৰিঙিয়াই অ
বহাগৰে বাতৰি বিলাই
দুটি মন পক্ষী উৰি যায় অ
যুৰীয়া সপোনকে ধিয়াই।

প্ৰণয়ৰে মৃদু মলয়াই অ
দুখনি হিয়া চুমি যায়।
লাজৰে ওৰণি আতৰাই অ
থাকা মোৰ বুকুতে সোমাই।

লাজুকী চকুৰে ভাষা মনে বুজি পায়,
সেউজী সপোনে জানা হিয়া নচুৱাই।
লাজুকী চকুৰে ভাষা মনে বুজি পায়,
সেউজী সপোনে জানা হিয়া নচুৱাই।

পলাশী ফাগুনে ৰিঙিয়াই অ
বহাগৰে বাতৰি বিলাই
দুটি মন পক্ষী উৰি যায় অ
যুৰীয়া সপোনকে ধিয়াই।

প্ৰণয়ৰে মৃদু মলয়াই অ
দুখনি হিয়া চুমি যায়।
লাজৰে ওৰণি আতৰাই অ
থাকা মোৰ বুকুতে সোমাই।

বাংলিশ/Banglish

Tumi nokowa kotha mur hiyai buji powa, Tumi nogowa git moi likha adhoruwa. Duyore hiyar duti mon morom akoluwa, Buja nubujar majote amare bhalpowa. Polashi phagune ringiyai o Bohagore batori bilai Duti mon pokhi uri jay o Juriya soponoke dhiyai. Pronayore mridu moloyai o Dukhoni hiya chumi jay. Lajore oroni atorai o Thaka mur bukute somai. Lajuki cokure bhasha mone buji pai, Seuji sopone jana hiya nuchuwai. Lajuki cokure bhasha mone buji pai, Seuji sopone jana hiya nuchuwai. Polashi phagune ringiyai o Bohagore batori bilai Duti mon pokhi uri jay o Juriya soponoke dhiyai. Pronayore mridu moloyai o Dukhoni hiya chumi jay. Lajore oroni atorai o Thaka mur bukute somai.

Discussion

Public comments for Mridu Moloya are available on the discussion page.

View discussion